শীতল যুদ্ধৰ যুগ( The Cold War Era)

 ১)Battle of two Jimaত কেতিয়া আমেৰিকান সেনাই পতাকা উৰুৱাইছিল?

উঃ- ১৯৪৫ চনৰ ২৩ ফেব্ৰুৱাৰীৰ দিনা।

২) কেতিয়া ছোভিয়েট গণৰাজ্যৰ সেনাই Reichtag Building (বার্লিন, জার্মানীত) পতাকা উৰুৱাই ছিল?

উ:- ১৯৪৫ চনৰ মে' মাহত।

৩) 'শীতল যুদ্ধ কাক বোলে?

উ:- বিশ্বৰ দুই মহাশক্তিধৰ গোষ্ঠীৰ মাজত সশস্ত্র যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্রু ভাবাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্রচেষ্টা চলায় তাকে শীতল যুদ্ধ 'বোলে।

৪)দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষয় শক্তিৰ দেশসমূহ আৰু মিত্র শক্তিৰ দেশসমূহৰ নাম লিখা।

উঃ- অক্ষয় শক্তি (Axis power) — ইটালী, জার্মানী, জাপান 

মিত্র শক্তি (Allied power) - আমেৰিকা, ছোভিয়েট ইউনিয়ন, ফ্রান্স, ব্রিটেইন।

৫) শীতল যুদ্ধৰ দুটা কাৰণ উল্লেখ কৰা।

উঃ- (ⅰ) দুই মহাশক্তিৰ মাজত আদর্শগত মতানৈক্য।

(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাপানৰ হিৰোচিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ।

৬) শীতল যুদ্ধৰ দুই মহাশক্তিৰ নাম লিখা আৰু তেওঁলোকৰ আদর্শ কিকি?

 উ:- দুই মহাশক্তি- আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন।

আমেৰিকাৰ আদর্শ গণতান্ত্রিক, পুজিবাদী আদর্শ। ছোভিয়েট ইউনিয়নৰ আদর্শ সমাজবাদী আৰু সাম্যবাদী।

৭) কোন বর্ষত কিউৱান ক্ষেপনাস্ত্র সঙ্কট সং ঘটিত হৈছিল?

 উঃ- ১৯৬২ চনত।

৮) শীতল যুদ্ধৰ সময়ত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াত কোনবোৰ দেশে যোগদান কৰিছিল?

উ:- পশ্চিম ইউৰোপৰ দেশসমূহে আমেৰিকাৰ পক্ষত আৰু পূব ইউৰোপৰ দেশসমূহে ছোভিয়েট ইউনিয়ন পক্ষত যোগদান কৰিছিল।

 ৯)NATO ৰ সম্পূর্ণ ৰূপ কি? NATO কেতিয়া গঠন হৈছিল?

উ :- NATO ৰ সম্পূর্ণ ৰূপ- North Atlantic Treaty Organisation (উত্তৰ আটলান্টিক চুক্তি সংগঠন)।

NATO ৰ গঠন হৈছিল ১৯৪৯ চনৰ এপ্রিল মাহত।

১০)NATO ৰ ঘোষণাপত্ৰৰ চুক্তিসমূহ কিকি?

উঃ- (i) উত্তৰ আমেৰিকা অথবা পশ্চিম ইউৰোপৰ দেশসমূহৰ যিকোনো এখন দেশতে আক্রমণ হলে সেই সংগঠনৰ সকলো দেশে নিজৰ ওপৰত আক্রমণ হোৱা বুলি ধৰি ল'ব।

(ii) NATOৰ সদস্য দেশবিলাকে পৰস্পৰে পৰস্পৰক সহায় কৰিব।

১১) ৱাৰশ্ব চুক্তি কেতিয়া কিয় হৈছিল ?

উঃ- ৱাৰশ্ব চুক্তি ১৯৫৫ চনত হৈছিল। ছোভিয়েট ইউনিয়নৰ নেতৃত্বত পূব ইউৰোপৰ দেশ সমূহৰ মাজত।

এই চুক্তি হৈছিল NATOৰ অন্তর্গত শক্তিসমূহক প্রত্যুত্তৰ দিয়াৰ বাবে।

১২) SEATOব সম্পূর্ণ ৰূপ কি?

উ:-Southeast Asian Treaty Organisation (দক্ষিণপূব এছিয়া চুক্তি সংগঠন)।

১৩)CENTO ৰ সম্পূৰ্ণ ৰৰূপ কি?

 উ:-Central Treaty Organisation

(কেন্দ্রীয় চুক্তি সংগঠন)।

১৪) বৃহৎ শক্তিৰ বাষ্ট্রবিলাকক সৰু সৰু ৰাষ্ট্ৰৰ মিত্রতাৰ কিয় প্ৰয়োজন?

উঃ- (ক) প্রমুখ বা মূল সম্পদসমূহ যেনে তেল আৰু খনি

(খ) ভূ ক্ষেত্র (য'ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে)।

(গ) অৱস্থান (য'ৰ পৰা তেওঁলোকে পৰস্পৰৰ ওপৰত গুপ্তচাৰী/চোৰাংচোৱাগিৰী কৰিব পাৰে)।

(ঘ) আর্থিক সাহার্য (সৰু অৰু দেশে একেলগে সামৰিক ব্যয় আগবঢ়াব পাৰে) ।

(ঙ) নিজ নিজ আদৰ্শ অর্থাৎ আমেৰিকাই পুঁজিবাদ আৰু ছোভিয়েট ইউনিয়নে সাম্যবাদী আদর্শ প্ৰচাৰৰ বাবে।

১৫)আমেৰিকা যুক্তৰাষ্ট্রই হিৰোচিমা আৰু নাগাচাকিত পেলোৱা আণৱিক বোমা দুটাৰ 'সাংঙ্কেতিক নাম 'কি কি?

উঃ- সৰু ল'ৰা (little boy) আৰু শকত ব্যক্তি (Fat man)।

১৬)১৯৬০ দশকত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে সম্পাদন কৰা তিনিখন চুক্তিৰ নাম লিখা।

উ:- (ক)Limited test Ban Treaty (LTBT)

(খ) Nuclear Non-Proliferation Treaty (NPT)

(গ) Anti-Ballistic Missile Treaty (ABMT)

১৭) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রতিষ্ঠাপক কেইজনৰ নাম লিখা।

 উঃ- ভাৰতৰ জৱহৰলাল নেহৰু (প্রথম প্রধানমন্ত্রী)

যুগোশ্লাভিয়াৰ যোচেফ ব্রজ টিটো (ৰাষ্ট্রপতি) ইজিপ্তৰ নেতা গামাল আব্দুল নাচেৰ

ইণ্ডোনেচিয়াৰ সুকাৰ্ণো (প্রথম বাষ্ট্রপতি) 

ঘানাৰ প্রথম প্রধানমন্ত্রী কুৱামে এনক্ৰুমা

১৮) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন ক'ত কেতিয়া হৈছিল? এই সন্মিলনৰ ৩টা পৰিণতি কি কি? 

উঃ ১৯৬১ চনৰ ছেপ্টেম্বৰত বেলগ্ৰেডত

(যুগোশ্লাভিয়াৰ ৰাজধানী)

এই সন্মিলনৰ ৩টা পৰিণতি হল-

(ক) এই পাঁচখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা।

(খ) শীতল যুদ্ধৰ গতি স্তিমিত কৰা বা অৱসান ঘটোৱা।

(গ) ঔপনিবেশিক শাসনৰ পৰা মুক্তি পোৱা ৰাষ্ট্রবিলাকক গোষ্ঠীনিৰপেক্ষ আন্দোলনত প্রৱেশ ঘটোৱা।

১৯)গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ধাৰণাটো কোন সন্মিলনত উৎপত্তি হৈছিল ?

উ:- ১৯৫৫ চনত ইণ্ডোনেছিয়াৰ বান্দুত অনুষ্ঠিত সন্মিলনত।

২০) গোষ্ঠী নিৰপেক্ষ  আন্দোলনৰ প্রথমখন অধিৱেশনত কেইখন বাষ্ট্রই যোগ দিছিল? কেইখন ৰাষ্ট্ৰ পর্যবেক্ষক ৰূপে আছিল?

উঃ- গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথমখন অধিৱেশনত ২৫ খন ৰাষ্ট্রই যোগদান কৰিছিল। পৰ্যবেক্ষক ৰাষ্ট্ৰ আছিল ৩ খন।

Comments

Post a Comment

Popular Posts